Sunday, February 28, 2010

“প্রাচাত্যৰ দৃষ্টিৰে আমাৰ শিক্ষা, সমাজ আৰু সংস্কৃতি কিছু বাস্তবভিত্তিক অনুভব "

(মই প্রাচ্যতত্ব, প্রাচাত্যতত্ব, শিক্ষাতত্ব, নৃতত্ব বা ইতিহাসৰ ছাত্র নহয় আৰু এখন বৃহৎ সমাজৰ শিক্ষা আরু সংস্কৃতিৰ বিষয়ে গধুৰ প্রবন্ধ লিখাৰ দুঃসাহস নাই। এই চমু লেখাটো মোৰ বাস্তব অভিজ্ঞতাভিত্তিক অসংলগ্ন স্নেপ্-শ্বট্ কিছুমানৰ একত্রিত ৰূপ বুলিহে মই কব খুজিছো | উদ্দেশ্য – বিৱৰ্তন আৰু ইতিহাসৰ জোলোঙ্গাৰে বৰ্তমানৰ পৰিবৰ্তিত সময়ৰ লগত সঙ্গতি ৰাখি ভবিষ্যতৰ দিশলৈ আমি সঠিক গতিত আগবাঢ়িব পাৰিছোনে তাৰ উমান লোৱা?)

স্নেপ্-শ্বট্ ১- বিৱর্তন আৰু কিছু ইতিহাস
কিছুদিন আগতে বিশ্বৰ শ্রেষ্ঠ বিজ্ঞান আলোচনী ‘নেচাৰ’ত এখন গৱেষণা পত্র প্রকাশ পাইছে; বিষয় আছিল “আধুনিক মানৱে আফ্রিকাৰ পৰা প্রথম এছিয়া মহাদেশলৈ প্রবজ্রন কৰিছিল আৰু তাৰ অনেক হাজাৰ বছৰৰ পাছতহে ইউৰোপ মহাদেশত (প্রাচাত্য) আধুনিক মানৱে ভৰি দিছিল” । আকৌ, আমি যদি পৃথিৱীৰ পুৰণি মানৱ সভ্যতা সমূহলৈ (হৰপ্পা, মহেঞ্জোদাৰো, মেচোপ’টেমীয়া, চীন, ইজিপ্ত,ৰোমান, মায়া আদি ) মন দিঁও, এটা কথা স্পষ্ট হয় যে সবাতোকৈ পুৰণি মানৱ সভ্যতা সমুহৰ স্থলী আছিল এছিয়া বা মধ্যপ্রাচ্য। সংগঠিত সমাজ ব্যবস্থা, কৃষি, শিক্ষা , বিজ্ঞান, প্রযুক্তি এইবোৰৰ উৎকৰ্ষণৰ কেন্দ্রও আছিল এছিয়া বা মধ্যপ্রাচ্য। তাৰ ভিতৰত ভাৰতবৰ্ষৰ কি অগ্রণী ভূমিকা আছিল সেয়া সকলোৰে জ্ঞাত। ইউৰোপক বাদ দি বর্তমানৰ তথাকথিত উন্নত সভ্যতা (পচ্শিমীয়া) আমেৰিকা বা অষ্ট্রেলিয়াৰ ইতিহাসলৈ যদি আমি লক্ষ্য কঁরো দেখিম যে সেইবোৰৰ ইতিহাস কিন্তু ৫০০ বছৰৰো কম। আনহাতে এই দুয়োখন সভ্যতাৰ আধাৰ ইউৰোপ, আফ্রিকা আৰু এছিয়াৰ পৰা হোৱা প্রৱজন। আমি যদি আজিৰ দিনত সভ্যতাৰ বিকাশৰ গতি তুলনামূলক অধ্যয়ন কঁৰো, তেন্তে দেখা পাঁও যে ভাৰতীয় সভ্যতা যেন প্রাচাত্য লগত পিছ পৰি ৰৈছে বিভিন্ন ক্ষেত্রত।অসমৰ অৱস্থা তাতকৈও অধিক শোচনীয় আৰু হতাশাজনক। এটা সৰু উদাহৰণ- ১৪৪০ খ্রীষ্টাব্দত জার্মানীত গুটেনবার্গে ছপাশাল আবিস্কাৰ কৰিছিল আৰু আধুনিক বিশ্বৰ ইতিহাসত ই এক মাইলৰ খুঁটি। সেই সময়ত অসমত আহোম সকলৰ ১১শ স্বর্গদেউ চুচেনফাই ৰাজত্ব কৰিছিল। আকৌ ১৪৪৯ খ্রীষ্টাব্দত মহাপুরুষ শঙ্কৰদেৱৰ জন্ম হৈছিল। এই প্রসংগ লৈ আমি যদি চতুর্দশ শতিকাৰ অসমৰ এখন ছবি মনতে কল্পনা কৰিব পাঁৰো, আৰু তদানীন্তন পচ্শিমীয়া সভ্যতাৰ লগত তুলনা কৰি চাঁও, তেন্তে আমাৰ সভ্যতাৰ গতি কিমান পাছপৰি ৰৈছিল তাক অতি সহজতে অনুমান কৰিব পাৰি । সেই একেই সমান্তৰাল ব্যৱধান এটাতেই এতিয়াও আমাৰ সমাজ চলি আছে আৰু আমিও চলি আঁছো, যিটো এটা অপ্রিয় সত্য।