Wednesday, April 30, 2008

বিহুবলীয়া অসমীয়া : মন আৰু বিৱেকৰ খণ্ড চিত্

ৰঙালী বিহু আহি পালে | আৰু মই ঘৰৰ পৰা আতৰত | মন কিবা ইচাত্ বিচাত্ | বিহু বুলি আনন্দ; ঘৰলৈ ্যাব নোৱাৰাৰ বাবে দুখ, লোকক দেখুৱাই কান্দিবও নোৱাৰি, prestige অৰ কথা আছে, বিহু এপাক নাছিবও নোৱাৰোঁ impression বেয়া হ'ব বুলি | ----

এই যে মই ওপৰত লিখা কথাবোৰ মোৰ কথা নহয় | অসমৰ বাহিৰত ওলাই অহা অনেক জন কেৰিয়াৰ সচেতন ডেকা-গাভৰুৰ অনুভুতি | কৰোঁ বুলি মনৰ সুখ দুখ আনন্দ বিষাদক বৰ্হি:ৰ্প্রকাশ কৰিব নোৱাৰে | সকলোৰে কিবা নহয় কিবা বাধ্যবাধকতা আছে | সেই একেই বিৱেক আৰু মনৰ সঙ্ঘাত |

বহুতো আকৌ এনে অস্মীয়া আধুনিক ডেকা-গাভৰু আছে যি বিহু কি বস্তু ভালদৰে চিনিয়ে নেপাই; অনাক্ষৰী , গঞা লোকৰ উ ৎসৱ বুলি চিনাকি দিয়ে (মই নিজে পোৱা বাস্তৱ অভিজ্ঞতা)| তেনে মোৰ প্রশ্ন এই তথাকথিত আধুনিক উৰ্বৰ্ৰ মস্তিষ্ক বিশিষ্ট ডেকা-গাভৰু হঁতৰ বিৱেক আছেনে ? Iron Maiden , Aerosmith, GNR, Britney Spears , Roger waters গান শুনি বিদেশী সুৰাৰ ৰঙীন ৰাগীত মতলীয়া হৈ উৎভত অশালীন চিঞৰ বাখৰ কৰাও দেখিছোঁ | তেনে কেইজন মান অসমীয়া ডেকাকে মই থকা মহানগৰকখনতে আন কেইজন মান অত্যুৎসাহী অসমীয় ডেকাই অনুস্থিত কৰিৱ খোজা বিহু অনুস্থানত অংশগ্রহন কৰিৰৱৰ বাবে আহ্বান জনাঁওতে মুখ কোচাঁইছিল , কাম নোহোৱা মানুহৰ বেকাৰ কাম বুলি |

আধুনিকতাৰ পৰশ আমাক লাগে নেলাগে বুলি কোৱা নাই | এইতু এটা বেলেগ বহল আলোচনাৰ বিষয় | আজ়ি মই উথ্থা পন কৰিব খোজা প্রসংগ এইটো নহয় | মই মাত্র মগজু আৰু বিৱেকৰ কি সমন্ধ কি প্রাথক্য তাকেহে ছবি এখন দাঙি ধৰিব খুজিলোঁ |

--
পঙ্কজ

1 comment:

Ant Hill said...

বিহুবলিয়া আসমীয়া,বহুত দিনৰ পাচত ভাল লিখনি পহিলো, ধনয়বাদ.